Type Here to Get Search Results !

ভাষা জননী



অৰুণ কোঁৱৰ

 'মা' অমৃতসম সেই শব্দটিৰে
মোৰ প্ৰথম যাত্ৰা
তাৰপাছত অ-আ, ক-খ ৰ হাতত ধৰি
ভাষা জননীৰ সতে আগবাঢ়িলো,
বৰ্ণ, শব্দ আৰু বাক্যৰে
ভাষা জননীক চিনিলো, বুজিলো।
মোৰ স্বাভিমান, পৰিচয় আৰু বিকাশৰ পথ
জননী, তোমাৰ মাজতে বিচাৰি পালো,
দিনবোৰ বাগৰি মাহত সোমাল
মাহবোৰ বাগৰি বছৰ হ'
ভাষা জননীৰ বহু প্ৰত্যাহবানেৰে
এনেকৈ বাঢ়ি গ'ল অসমীয়াৰ আয়ুৰেখা
বহু সংকটৰ কালটো তুমি স্থিৰেৰে ৰ'লা।
তোমাৰ আগত আজি আকৌ প্ৰত্যাহবান
ভাষা ফুলনিত বহুতো অপতৃৰ্ণ বৰ্তমান
পুত্ৰই মাতৃক নিচিনাৰ দৰে-
তোমাক চিনাকি দি গৰ্ববোধ নকৰে আজি
এয়া বাৰু কিহৰ ইংগিত !
স্ব-জাতিৰ আত্মঘাতী নে উত্তৰণ !
এই স্ব-ভাষাৰ অৱৰোহণৰ মাজতো
গতিৰ সন্ধান আমি কৰিছো
আই অসমীৰ বুকুত
তুমি ফুলি ৰ'বা সৰ্বদা
অসমীয়াৰ ভাষা জননী হৈ,
ভাষা জননী হৈ।।