অজয় বৰুৱা দৰং
ৰূপৰ শিকলিৰে পৰিবেষ্টিত সোনোৱালী দুৱাৰ খুলি সুৰৰ দেউলত প্রবেশৰ প্ৰয়াস কৰা বিষ্ণুৰাভাই গুৰু জনাৰ অমৰ আৰু অনুপম সৃষ্টি "বৰগীতক" সন্মান জনাই লিখিছিল,,,,,,,,,
*যাউতিযুগীয়া বৰগীত অমিয়া,,,,,*। বৰগীতৰ আধ্যাত্মিক বিষয়বস্তু, ধ্ৰুপদী ৰচনাশৈলী ব্যাকৰন সন্মত সুৰৰ বৈশিষ্ট্যই বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিশীল মনৰ অভ্যন্তৰত এনেদৰে হেন্দোলনি তুলিছিল যাৰ বাবে তেওঁ কেইবাটাও গীতত বৰগীতৰ কথা উল্লেখেৰে সন্মান জনাইছিল।
*অ' অসমীয়া ডেকা দল*
*আজি তোৰ এই তেজাল বদন*
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,, ,,,,,,,,,,,,,,
*অসীম বাহুৰ বল*।
বিষ্ণুপ্ৰসাদ ৰাভাদেৱে স্বৰাজোত্তৰ কালত ভাৰতৰ দলিত -পতিত, নিৰ্যাতিত জনগণক শোষনমুক্ত কৰি অতীত অসমৰ শৌর্ষ-বীর্য তথা শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি আৰু এখন সুন্দৰ সমাজ গঢ়াৰ মানবীয় দর্শনৰ পটন্তৰ দাঙি ধৰি অসমীয়া ডেকাশক্তিক জাগ্ৰত কৰিবলৈ তেনেদৰে লিখিছিল।
শ্ৰীমন্ত শঙ্কৰ সূৰ্যৰ অনাবিল আলোকেৰে জ্যোতিষ্মান হোৱা অসমীয়া জাতিটোৱে হতাশাগ্রস্ত হোৱা দেখি ৰাভাদেৱে মহাপুৰুষ জনাৰ সৃষ্টিৰ ঐশ্বৰ্য্যৰে অনুপ্ৰাণিত হোৱাৰ বাবে অসমীয়া জাতিটোক আহ্বান জনাইছিল। লগতে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য মাধৱদেৱক যুগজয়ী সৃষ্টিকো সন্মান জনাই লিখিছিল,,,,
*,,,,কীৰ্ত্তন দশম নামঘোষা*
*হওক আমাৰ শৌর্য*
*নাট গীত নাম বৰগীত*
*হওক ৰণৰ তুর্য* ......।
অসমীয়া গীতি সাহিত্যলৈ বনার্ঢ্য অবদান দি যোৱা বিষ্ণুপ্ৰসাদ ৰাভাই সংস্কৃতিৰ পূজাৰ বেদীত বন্তি জ্বলাবলৈ প্ৰয়াস কৰি শংকৰদেৱকে অৱলম্বন হিচাপে গ্রহন কৰছিল। সুন্দৰৰ পূজাৰ বেদীলৈ নানাৰঙী সৃষ্টি উপচাৰৰ শৰাই নিবেদন কৰা ৰাভাই জগতত দুষ্কতিৰ প্ৰয়োভৰ দেখি গীতত লিখিছিল, ,,,,,,,
*....বিয়পি ধৰণী*
*শুনো ৰিণি ৰিণি*
*জগতৰ নানা বিলাই*
...........................
*হৰই নাম মুকুতি পাই,,,,*
বিষ্ণৰাভাৰ আধ্যাত্মিক জীৱনৰ পথ পৰিক্রমাত গুৰউজনাৰ আদৰ্শ একশৰন হৰিনাম ধর্মৰ দর্শন কিমান একান্ত ভাৱে সংযোজিত হৈছিল তাৰ অলেখ উদাহৰন তেওঁৰ ৰচনাত পোৱা যায়। শংঠ, কাঁহ, উৰুলিৰ সুমধুৰ শব্দৰে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নামঘৰৰ চৌপাশ মুখৰিত হোৱাৰ পবিত্ৰ ঐতিহ্যক সন্মান জনাই বিষ্ণুৰাভাই গোবিন্দৰ নামগঙণ গাই নৰতনঙ ধন্যকৰাৰ গীতিময় প্রকাশ কৰিছিল,,,,,
*.....ভকতৰ কৃষ্ণৰ কিংকৰ*
*সুন্দৰ শংকৰ কিয় নাই*
*ভকতি ফুলেৰে মালা আদৰেৰে*
*দিলো যতনে পিন্ধাই*
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,, ,,,,,,,,,,,
*গোবিন্দৰ নাম গুণ নাই* .....।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰিয় শিষ্য শ্ৰীশ্ৰী মাধৱদেৱকে ধৰি ছকুৰি ভকতক লৈ দ্বিতীয় বাৰৰ বাবে তীৰ্থ ভ্ৰমণ যোৱাক লৈ ৰাভাদেৱে লিখিছিল, ,,,,,
*গুৰু মোৰ শংকৰ*
*তৰিবৰে কিনো উপায়*
*ভাটিলৈ যাবলৈ, শ্রীশংকৰ গুৰু*
*বালিতে বান্ধিলে পঁজা..,।*
ৰাভাদেৱে শেষ বয়সত লিখা তেওঁৰেই জীৱন ভিত্তিত গীতটোত ব্যৱহৃত শংকৰদেৱৰ নাট ভাওনাৰ আংগিক ৰচনাশৈলীত এক বিশেষ মাত্রা দিছে। "কল্যাণ -খৰমান" ত জীৱন নাট সামৰা বিষ্ণৰাভাই লিখিছিল,,,,,,
*এয়ে মোৰ শেষ গান*
*মোৰ জীৱন নাটৰ শেষ ৰাগিনী*
*কল্যাণ -খৰমান*
শংকৰদেৱৰ নাট-ভাওনাৰ বিভিন্ন অংশ আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে বিষ্ণুপ্ৰসাদ ৰাভাৰ যি জ্ঞান আছিল সেয়া গীতটো প্ৰকাশ পাইছে। শিল্পকলা-সাহিত্যৰ অন্যতম বিৰল ব্যক্তিত্ব বিষ্ণৰাভাৰ মনোজগত তথা আধ্যাত্মিক জীৱনত গুৰুজনাৰ দৰ্শন প্রভাৱ অতি গভীৰয় আৰু ব্যাপক। যাৰ ফলত শ্রীমন্ত শংকৰদেৱৰ সৃষ্টি সমূহৰ স্বত:স্ফূর্ত প্ৰকাশ তেওঁৰ গীতত পৰিলক্ষিত হয়। নাট ভাওনাত অপৰিহাৰ্যৰূপে ব্যৱহৃত পূর্বৰংগ অনুষ্ঠানৰ "ধেমালি", নান্দীশ্লোক সূত্রধাৰ আদি আংগিকক তেওঁ ইমান নিবিড়ভাৱে আত্মাগত কৰিছিল যে জীৱনকালক "জীৱন নাট" ৰূপকৰ মাজেৰে প্ৰকাশ পাইছিল,,
*পাতনিতে কলো ধেমালি নান্দী*
*ভংগী সুত্রধাৰ*
*হাঁহি -বিননিৰে ভাও দিলো নানা*
*বোৱালো অশ্রুধাৰা,,,,,,* ।
একশৰন হৰিনাম ধর্ম প্রচাৰেৰে জীৱ জগতৰ কল্যাণ সাধনৰ অৰ্থে শ্ৰীমন্ত শংকৰদেৱে যি আধ্যাত্মিক সংস্কৃতি প্রচলন কৰিছিল তাত মাহ-প্রসাদৰ এক অপৰিহাৰ্য স্থান আছে। নাট-ভাওনা অনুষ্ঠানতো মাহ-চাউল, পাণ তামোলেৰে শৰাই সজোৱা বা ঠগী দিয়া ৰ ব্যৱস্থা আছে।
*......ঠগীৰ লগতে বন্তিৰ শিখাই*
*নুমু নুমুকৈ নাচে* ।
ৰাভাৰ যাযাবৰী জীৱনত কৰা সৃষ্টি সমূহৰ যিখিনি এতিয়ালৈ সংৰক্ষিত হৈছে তাৰ ভিতৰত প্ৰকাশিত প্রচাৰিত গীতৰ মাজত নিহিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ সামগ্ৰীক অৱদানক বিষ্ণুপ্ৰসাদ ৰাভাই সভক্তিৰে উপস্থাপন কৰিছিল।
( *সহায়ক*গ্ৰন্থ* *:(১)সংগীত আৰু শ্ৰীশ্ৰী শংকৰদেৱ গায়ন...বিষ্ণুপ্ৰসাদ ৰাভা*।
(২) *প্ৰান্তিক*)