Type Here to Get Search Results !

অৰণ্য মানৱ যাদৱ পায়েং


 দীপশিখা চলিহা,  দেওমৰণৈ,দৰং


     জীৱৰ উশাহ নিশাহ মানেই হৈছে গছ গছনি।গছগছনিয়ে গৰাখহনীয়া ৰোধ কৰে, আমাৰ চৌদিশৰ পৰিবেশ বাসোপযোগী কৰি ৰাখে, লগতে গছে দিয়ে ছাঁ আৰু ফলমূল।সেয়ে কোৱা হয় গছ থাকিলেহে মানুহ থাকিব বুলি।গছগছনিয়ে এই পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ লগতে আমালৈ অক্সিজেনো আগবঢ়ায়।ইয়াৰোপৰি,গছে ভূগৰ্ভত পানীৰ ভাণ্ডাৰ বঢ়াই, লগতে জলবায়ু নিয়ন্ত্ৰন কৰাতো অফুৰন্ত সহায় কৰে, সেইবাবেই পঞ্চাশৰ দশকৰ পৰাই সমগ্ৰ বিশ্বজুৰি গছ গছনি ৰোপনৰ এক বিপ্লৱ আৰম্ভ হৈছে।আনকি আজি নিজৰ জন্মদিন, বিবাহ বাৰ্ষিকী তথা অন্যান্য উৎসৱ পাৰ্বনতো গছপুলি ৰোৱাৰ এক পৰম্পৰা গঢ়িবলৈ  সকলোৱে চেষ্টা কৰি আছে। বিগত কেইবা দশক ধৰি অকলেই গছ গছনি ৰোপন কাৰ্যত নিজৰ জীৱন উৰ্চগা কৰা উজনি অসমৰ জনপ্ৰিয় ব্যক্তিজন হৈছে যাদৱ পায়েং,যাক অঞ্চলটোত অত দিনে  মুলাই পায়েং বুলিয়েই চিনি পায়।আজিকালি গছ গছনি ৰোপন কাৰ্যৰ বাবেই তেওঁ সমগ্ৰ বিশ্বৰেই এগৰাকী জনপ্ৰিয় ব্যক্তি হৈ পৰিছে।প্ৰকৃতিৰ প্ৰতি থকা অকৃত্ৰিম আৰু অপৰিসীম ভালপোৱাই যাদৱ পায়েঙক তেওঁ নজনাকৈয়ে সকলোৰে দৃষ্টিত অসাধাৰণ হৈ ধৰা দিলে। একে আষাৰে কবলৈ হলে, নীৰৱ কৰ্মী যাদৱ পায়েং প্ৰকৃতি সম্পৰ্কীয় জ্ঞানৰ আজি হৈ পৰিছে এক মেটমৰা ভঁৰাল। ইতিমধ্যে, তেওঁৰ বিষয়ে নেচনেল জিঅগ্ৰাফি, বিবিচি,ডিস্কভাৰি আদি জনপ্ৰিয় চেনেলবোৰে 'তথ্যচিত্ৰ'ও প্ৰকাশ কৰিছে।
         যাদৱ পায়েঙৰ জন্ম হৈছিল যোৰহাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ ওচৰৰ বৰঘোগ নামৰ এটা চাপৰিত। পিতৃ লক্ষ্মীৰাম পায়েং মাতৃ আফুলি পায়েং।যাদৱ পায়েঙে শৈশৱত লোকৰ ঘৰত থাকি যোৰহাটৰ বালিগাঁৱৰ জগন্নাথ বৰুৱা আৰ্য বিদ্যাপীঠ বিদ্যালয়ত দশম শ্ৰেণীলৈকে পঢ়িছিল। আৰ্থিক অনাটনৰ বাবে  তেওঁৰ আৰু  পঢ়া নহ’ল।নামি পৰিল জীৱন যুঁজত।যাদৱ পায়েঙে জীৱিকাৰ সন্ধানত বিভিন্ন ঠাই ঘূৰিও অৱশেষত নিজৰ চাপৰিটোলৈ উভতি আহি প্ৰথমে তাতেই গৰু-ম'হ পুহি গাখীৰৰ ব্যৱসায় আৰম্ভ কৰিছিল।এবাৰ গ্ৰীষ্মকালৰ অত্যন্ত গৰমৰ দিনত তেওঁ বানপানীত উটি অহা সাপ কেইডালমান পানী শুকাই যোৱাৰ পিছত মুকলি বালিত পৰি থকা দেখিছিল। কিছুমান সাপ ৰ'দত  জঠৰ হৈছিল,কিছুমান মৰিছিল।গৰু ম'হবোৰে উৎকট গৰম সহ্য কৰিব নোৱাৰি পানীলৈ নামি গৈছিল।তেওঁক সাপকেইডালৰ মৰ্মান্তিক দৃশ্যটোৱে খুন্দিয়াই থাকিল, এটা সময়ত এই কথা গাঁৱৰ মানুহক কৈছিলগৈ।তেতিয়া তেওঁলোকে চাপৰিটোত বাঁহগছ ৰুবলৈ পৰামৰ্শ দিলে, পায়েঙেও প্ৰথমে ৫০ টা বাহৰ মূঢ়াৰ সৈতে আৰম্ভ কৰিলে গছপুলি ৰোৱা কাৰ্য।তেতিয়াৰে পৰা তেওঁ ঔৱনা চাপৰিত বিবিধ গছ পুলি ৰোপন  আৰু প্ৰতিপালনত দেহেকেহে জড়িত হ'ল।পলসুৱা চাপৰিটোত গছবোৰ ক্ৰমান্বয়ে ডাঙৰ হবলৈ ধৰিলে,এনেকৈয়ে হাবি এখনৰ সৃষ্টি হ'ল, তেওঁ প্ৰতি মাহত গছপুলি ৰুই গ'ল । চাওতে চাওতে, হাবিখনৰো পৰিসৰ বৃদ্ধি হৈ যাবলৈ ধৰিলে। হাবিখন হোৱা দেখি তালৈ বিভিন্ন ধৰণৰ জীৱ-জন্তু,চৰাই-চিৰিকটিৰ আগমন ঘটিল। চাওতে চাওতে  বনৰীয়া গাহৰি, বনকুকুৰা,হৰিণা, হাঁতী, বনৰীয়া ম'হ আহি থাকিবলৈ ললে হাবিখনত।
আৰম্ভনিতে বনৰীয়া জীৱজন্তবোৰে যেতিয়া গাঁৱৰ মানুহৰ ঘৰে ঘৰে সোমাইছিল, তেতিয়া মানুহে চাপৰিখনৰ গছ কাটি হাবিখন তহিলং কৰিব বিছাৰিছিল।তেতিয়া তেওঁ গাঁৱৰ  মানুহববোৰক কাবৌ কাকুতি কৰি বুজালেঃ 'সিহঁত থাকিবলৈ যথেষ্ট হাবি নথকা বাবেহে ঘৰে ঘৰে আহিছে।গছবোৰ নাকাটিবা, যিমান পাৰা গছৰ পুুলি ৰুবাহে, চাবা এই হাবিখনেই তোমালোকক বিখ্যাত কৰিব।' বৰ্তমান তেওঁৰ সেই চাপৰিখন প্ৰায় চাৰি হাজাৰ এশ বিঘাতকৈও অধিক মাটি কব নোৱাৰাকৈয়ে কেইবছৰমানৰ ভিতৰতে,অৰণ্যত পৰিণত হ'ল।এতিয়া তেওঁৰ সৃষ্ট অৰণ্যখন পায়েঙৰ ঘৰুৱা নাম মূলাইৰ নামেৰে "মূলাই কাঠনি" নামেৰে নামাকৰন কৰা হ'ল।এতিয়া সেইখন  গঁড়,হৰিণ,বাঘ, শিয়াল, জহামাল, বান্দৰ, বনকুকুৰা, হাতী,বিবিধ প্ৰজাতিৰ সৰীসৃপ, পখিলা আদিৰ ৰম্যভূমি হৈ পৰিছে। জনামতে, মুলাইৰ কাঠনিবাৰীখনতে গৰু-ম’হৰ খুটিও আছে।
         যাদৱ পায়েঙে কৰা মহৎ কৰ্মৰাজিৰ বাবে তেওঁক ইতিমধ্যে বহুতো বটা আগবঢ়াবলৈ ধৰিলে।২০১২ চনত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে যাদৱ পায়েঙক 'ভাৰতৰ অৰণ্য মানৱ' উপাধি প্ৰদান কৰে।২০১২ চনত তেওঁক 'চেংচুৱেৰি এছিয়া ৱাইল্ড লাইফ' বঁটাও প্ৰদান কৰা হয়।২০১৫ চনৰ ২৬ জানুৱাৰীত তেওঁক ভাৰতবৰ্ষৰ চতুৰ্থ সৰ্বোচ্চ সন্মান 'পদ্মশ্ৰী' প্ৰদান কৰা হয়।২০১৫ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।