নবনীতা বৰদলৈ
(১)
তোমাৰ হেৰাই যোৱা
সপোনৰ তলত মই কবৰ বান্ধিম
আৰু, মোৰ কবৰত তুমি
এপাহ ফুল দিবা,
চাইৰঙী হেঁপাহৰ.........
(২)
বৰষুণত তিতি পাইছানে কেতিয়াবা?
জোনাকৰ বৰষুণত..........
তিতি বুৰি জুৰুলি জুপুৰি হৈ
নিজক চাই পাইছানে কেতিয়াবা?
জোনাকৰ এজাক মিঠা বৰষুণৰ সৈতে
মিতিৰালি মোৰ আজন্ম সপোনৰ ||
(৩)
সান্নিধ্যৰ কোলাহলত
এসোপামান অভিমানে
মোৰ বুকুত হেঁচা ঠেলা কৰে।
(৪)
হেৰাৱ খোজো,
তোমাৰ মৌন ওঁঠৰ
সিপাৰে থকা কোলাহলৰ মাজত।
(৫)
তোমাক ভালপাঁও বাবেই
তোমাৰ প্ৰিয় হালধীয়াখিনিকো
ভালপাৱলৈ ললো,
হালধীয়া এতিয়া
মোৰ অন্য এক প্ৰিয় ৰং।
(৬)
ভাললগাবোৰ উজাৰি দিয়া
বুকুত এখন হেঁপাহৰ নৈ....
পখিৰ সৈতে আজি নৈশব্দতাৰ নিনাদ্।