Type Here to Get Search Results !

আঘোণৰ ধান

  ৰিজুমণি গগৈ
             ঠিকনা:জয়সাগৰ(শিৱসাগৰ)
             দূৰভাষ:৯৩৬৫২৪১৪৫০


আঘোণী আহিল....
এতিয়া কাতিৰ সেউজীয়া ধাননিডৰাই
সোণোৱালী সাজ পিন্ধি পথাৰখন ওপচায় |
সৌৱা চোৱা.....
সোণোৱালী ধানে ন-বৌহঁতৰ কাচিৰ আগত
কিদৰে লহৰ বুলায় !
পিতায়েও ডাঙৰি কঢ়িয়াই সোণোৱালী মুকুতাৰে
ঘৰখনৰ লখিমী সজায় |
আঘোণী তই সঁচাই সুন্দৰী
তই আপোন তেজ-মঙহৰ ঘাম
পিতাইৰ আঁচলৰ ধন |
পশ্চিমৰ বেলিটি লহিয়াই আবেলিও গ'লগৈ
সোণোৱালী আঘোণীৰ সতে,
এতিয়া ঘৰত উখল্-মাখল্ ৰ ঢল
আনন্দৰ উৎসৱহে যেন 
সোণোৱালী আঘোণীক আদৰিব কিদৰে....
ফিৰফিৰীয়া পকা মুকুতাবোৰে
গোন্ধতে যেন আমোল-মোলায় |
আঘোণী সৰিব মৰণাৰ এছাৰত....
অ' চেনেহী সৰিলি নে তই...?
ৰাখিছোঁ সযতনাই জুখিবলৈ তোক
দোণ আৰু ডলাৰে পিৰালি সজাই |
আই আছে ৰৈ ন-ভাত সিজাবলৈ গৈ....
আঘোণী তই নাযাবি গুচি.....
দি যা মোক নদন-বদনেৰে ভঁৰাল ওপচায় |