Type Here to Get Search Results !

তুমি এবাৰ সোধা মোক

গীতামনি শৰ্মা

তুমি এবাৰ সোধা মোক
কেনে আছো মই!
শব্দৰ সৰু ফুল কেইটা প্ৰষ্ফুটিত কৰি
তোমাৰ কন্ঠেৰে সোধা মোক এবাৰ
কেনে আছো মই নতুবা
কত আছো মই কেনে
মোৰ দিনৰ ৰুটিন কেনে মোৰ জীৱন যাপন
তুমি এবাৰ সোধা মোক
ঠিক সিমান খিনি সুধিলেই হব,,,
যিমান খিনি শুনিলে কাটি কৰিব পাৰিম
জীৱনৰ য ত হেঁপাহৰ অ সুখ
মাত্ৰ এবাৰ কিয় নোসোধা তুমি
কুশলে আছোঁ নে মই
ক্ষ নে  ক্ষনে সলনি হোৱা
এই খন কথাৰ পৃথিৱীত
কিয় যে নোসোধা তুমি
বুকুৱে মনে মাগি থকা
এষাৰ তেনেই সৰুকথা
যি মোৰ বাবে শ্ৰেষ্ঠ শব্দৰ আকুল বাক্য ৰ
সুগন্ধি আস্থা,,,,
তুমি এবাৰ সোধা মোক
কেনে আছো মই
তেনেই নিঃকিন এজনীক আপ্যায়ন কৰিব নোৱাৰাকৈ
এষাৰ সামান্য কথাৰেও,,,,,,
এই খন সুন্দৰ মুকলি পৃথিৱীত অমুকলি হৈ লুকাই পৰিছা বুলি মনৰ দুখীয়া হৈ
মই জানো ভাবিব পাৰো
কেতিয়াবা অকস্মাৎ হলেও,,,!!