দীপজ্যোতি বৰগোহাঁই
বুৰঞ্জীত পোৱা যায় লাও বৰ চেতিয়াৰ চক্ৰান্তত স্বৰ্গদেউ ছ্যুজিনফা আৰু আতন বুঢ়া গোহাঁইৰ মাজত ৰাজকাৰেংতে সংঘৰ্ষ ৰ সুত্ৰপাত হৈছিল ৷এই সংঘৰ্ষৰ আঁৰৰ কাৰণ হ'ল বুঢ়াগোহাঁই ক্ৰমাগত বৃদ্ধি পোৱা ক্ষমতা আৰু প্ৰতিপত্তিৰ প্ৰতি৷গড়গাওঁত থকা কিছু বিষয়াৰ সন্দেহ ;ভয় ঈষা ৷সেইবাবে লাও বৰ চেতিয়াৰ মণ্ত্ৰণাত স্বৰ্গদেউৱে বশঢ়াগোহাঁইক ধৰিবলৈ আঁচনি কৰিছিল গোপনে ৷তেতিয়া বুঢ়াগোহাঁইয়ে কেইজনমান ফুকন -বিষয়াৰ অনুৰোধত ৰজাৰ আঁচনি মষিমুৰ কৰিবলৈ গোপনে ৰাজকাৰেংত প্ৰবেশ কৰিবলৈ যাঁওতে বুঢ়াগোহাঁইয়ে লাইথেপেনাক বৰচেতিয়াৰ সৈতে বৰচ’ৰাৰ মশখত লগ পাইছিল ৷সংঘৰ্ষত ৰজাই বুঢ়াগোহাঁইক হত্যা কৰিবলৈ উদ্যত হৈছিল ৷কিন্ত বুঢ়াগোহাঁইয়ে ততালিকে সেই স্হানৰপৰা অলক্ষিতে আঁতৰি যায় আৰু শেষত ডেৰগাঁৱত বাহৰ পাতে ৷এই সংঘৰ্ষত স্বৰ্গদেউ খংত উত্তেজিত হৈ ইমান অস্থিৰ হৈ পৰিছিল যে বিষয়াসকলে তেওঁক বঢ়াই- বুজাই শান্ত কৰিব পৰা নাছিল ৷তেতিয়া সলাল গোহাঁইয়ে স্বৰ্গদেউক উদ্দেশ্যি কৈছিল বোলে স্বৰ্গদেউদেৱে সাধাৰণ গণ্ডগোল এটাতে অধৰ্য হৈ পৰে তেতিয়া প্ৰজা সাধাৰণৰ দুখ -দুৰ্দশাৰ অগ্নি পৰীক্ষাত শান্ত -সুস্হিৰ হৈ থাকিব বুলি তেওঁ কেনেকৈ আশা কৰিব,৷তাৰ পাছতে তেখেতে স্বৰ্গদেউক শান্ত্বনা দিবলৈ চেষ্টা কৰিছিল ৷পাছত স্বৰ্গদেউৱে এই বিবাদৰ সু মীমাংসাৰ বাবে বুঢ়াগোহাঁইক ডেৰগাঁৱৰ পৰা গড়গাৱলৈ আনিবলৈ ৰামচন্দ্ৰ বৰপাত্ৰগোহাঁই ;গুইমেলা লালুক বৰ গোহাঁই ;লাইথেপেনা সলাল বৰ গোহাঞি আৰু লাও বৰ চেতিয়াক পঠায়ছিল ৷বিষয়াসকল অৱশ্যে এইকাৰ্যত কৃতকাৰ্য নহল ৷বুঢ়াগোহাঁই গড়গাৱলৈ লগে লগে ঘুৰি নাহিল ৷তাৰ পৰিবৰ্তে তেওঁ ডেৰগাৱৰ পৰাই বৰ গোহাঁই সলাল গোহাই আৰু বৰপাত্ৰগোহাঁইক চামধৰা আৰু কলিয়াবৰৰ দুৰ্গৰ তত্বাবধান লবৰ বাবে পাচিলে আৰু লাও বৰচেতিয়াক নিজৰ জিম্মাত ৰাখিলে ৷তাৰ পাছতহে তেওঁ লালুক বৰফুকন আৰু গুৱাহাটীৰ অনান্য বিষয়া সকলক লৈ ৰজাৰ বিৰুদ্ধে গড়গাৱলৈ যাত্ৰা কৰে ৷
তেওঁলোকে স্বৰ্গদেউ চুজিনফাক বধ কৰি ছ্যুদৈফা পৰ্বতীয়া ৰজাক সিংহাসনত বহুৱাই ৷এই বিবাদত লাইথেপেনা সলাল গোহাঁই স্বৰ্গদেউৰ সপক্ষে আছিল যেন অনুমান কৰিব পাৰি ৷স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনৰে পৰা সেই সময়ৰ সাত জন স্বৰ্গদেউ বৰ দুৰ্বল আছিল ৷তথাপি লাইথেপেনা বৰ গোহাঁইৰ ব্যক্তিত্ব আৰু চৰিত্ৰ সেই সময়ৰ ৰাজনৈতিক সময়ৰ আহোম ৰাজ্য পাছলৈ (অসমৰ)পটভুমিত বিচাৰ কৰিলে দেখা পাওঁ যে স্বৰ্গদেউ সকল যদিও ৰাজ সিংহাসনত অধিষ্ঠিত আছিল তেওঁলোকৰ ক্ষমতা নাছিল বুলিব পাৰি ৷সেই সময়ছোৱাত ডা-ডাঙৰীয়া সকলে ক্ষমতা নিজৰ হাতৰ মুঠিত ৰাখিবৰ বাবে নিজৰ নিজৰ মনোনীত ৰাজকোঁৱৰসকলক ৰজা পাতিছিল যাতে তেওঁলোকৰ নিজৰ স্বাৰ্থ আৰু ক্ষমতা হাত ত থাকে ৷ স্বৰ্গদেউসকল একোজন ক্ষমতাশালী ডাঙৰীয়াৰ হাতৰ পুতলা আছিল ৷কোনোজন ডাঙৰীয়াই নিজৰ উচ্চ অভিলাষ পুৰণৰ বাবে ৰাজক্ষমতা প্ৰয়োগ কৰিছিল আৰু কোনোজনে নিজে ৰজা হোৱাৰ সপোন দেখিছিল ৷ডাঙৰীয়াসকলৰ এনে অৰিয়াঅৰিত লাইথেপেনা বৰগোহাঞিৰো নিশ্বয় এটা স্হিতি আছিল ৷

৷