Type Here to Get Search Results !

সম্পাদকীয়

        

       নদীয়ে চিৰপ্ৰবাহমান গতিত বৈ থকাৰ দৰে আমাৰ ভাষা সাহিত্য, কলা সংস্কৃতি আৰু শিক্ষাও পৰিবৰ্তনৰ মাজেৰে আগবাঢ়ি গৈয়ে আছে। এই সময়ৰ পৰিবৰ্তনৰ সতে উক্ত দিশ সমূহত অহা পৰিবৰ্তন আমি নিবিচাৰিলেও ই কিন্ত নিজেই গতি লয়৷
         বৰ্তমান আমাৰ অসমীয়া ভাষালৈয়ো বহুতো নতুন শব্দৰ সংযোজন ঘটিছে৷ বিভিন্ন ভাষা ভাষী মানুহৰ সংমিশ্ৰণত আগবাঢ়ি যোৱাৰ আমাৰ জাতীয় ভাষাৰ শেষতীয়া অভিধান সমূহতো কিছু ন ন শব্দ সংযোজন হোৱা দেখা যায়৷ এই ভাষাৰ গতিশীলতাক আমি গ্ৰহণ কৰিব লগা হয়৷
একেদৰে আমাৰ কলা সংস্কৃতি দিশতো পৰিবৰ্তন আহিছে৷ আমাৰ আথ সামাজিক দিশটোৰ লগত কলা সংস্কৃতি বহু কথা জড়িত হৈ থাকে৷ আমাৰ দৈনন্দিন অভাৱ সমূহ পূৰণ কৰিবলৈ যাওঁতে মানুহৰ ব্যস্ততাও বহু গুণে বাঢ়ি গৈছ৷ এতিয়া কৃষি নিভৰ চিন্তা এৰি চাকৰি, বেপাৰ বাণিজ্য আদি দিশত সমানেই মনোনিবেশ কৰিবলৈ বাধ্য হৈছে৷ ইয়াৰ সমান্তৰালকৈ জাতীয় কৃষি ভিত্তিক উৎসৱ বিহু লৈ পৰিবৰ্তন অহাৰ লগতে কলা সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰিছে৷  মূলৰ পৰা আঁতৰি নোযোৱাকৈ আমি পৰিবৰ্তনক আকোঁৱালি লবই লাগিব৷ তেতিয়াহে বৰ্তমানত আহি পৰা প্ৰত্যাহবানক নেওচি আগবাঢ়ি যাব পাৰিম৷ এয়া হল সময়ৰ আহ্বান৷ এই আহ্বানক আমি কেতিয়াও এৰাই চলিব নোৱাৰো৷
        ভাৰত স্বাধীন হোৱাৰ পাছৰ পৰা শিক্ষাক সাৰ্বজনীন কৰাৰ লক্ষ্যৰে বহুবোৰ আঁচনি ৰূপায়ন কৰি আহিছে , শিক্ষাক্ষেত্ৰতো বহু পৰিবৰ্তন আহিছে যদিও আৰু বহু কৰণীয় আছে, আজিৰ সময়ত আমাক নৈতিক ভাৱে পুষ্ট কাৰিকৰী দিশেৰে জ্ঞান আহৰণ কৰি স্বাৱলম্বী হব পৰা আৰু নিৱনুৱা সমস্যা সমাধাৰ পথ দিব পৰা শিক্ষাৰ অতিকৈ প্ৰয়োজন, তাৰ বাবে আশা বাদী৷
এই সমলয়  (অসমীয়া ই-আলোচনী)  খনৰ এয়া প্ৰথম বছৰৰ প্ৰস্তাবনা সংখ্যা ৷ আলোচনী খন প্ৰকাশ কৰিবলৈ যাওঁতে বহু সময়ত বিভিন্ন জনে দিহা পৰামৰ্শ আৰু অন্যান্য দিশেৰে সহায় সহযোগিতা আগবঢ়ালে সেয়ে সকলোৰে ওচৰত কৃতজ্ঞ হৈ ৰলো৷ প্ৰথম প্ৰস্তুতিৰ বাবে আমাৰ বহু ভুল ৰৈ গৈছে, সেই ভুলৰ বাবে ক্ষমা প্ৰাথনা বিচাৰিছো৷ এয়া সাহিত্য , কলা সংস্কৃতি আৰু শিক্ষা উত্তৰণৰ বাবে কৰা সেৱা বুলি ধৰি সকলোৱে সমলয়ক আকোৱালি লোৱাৰ আশাৰে